GK Assam mix

GK Assam mix 

সানমিহলি 


প্ৰশ্ন : অসমৰ পুৰণি নাম কি?

উত্তৰ : কামৰুপ আৰু প্ৰাগজ্যোতিষপুৰ।

প্ৰশ্ন : অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন?

উত্তৰ : ‘অ’ মোৰ আপোনাৰ দেশ’ – ৰচক – লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰশ্ন : অসমৰ জাতীয় প্ৰতীক কি?

উত্তৰ : এশিঙীয়া গঁড়।

প্ৰশ্ন : অসমৰ কোন খন জিলাত গৰম পানীৰ উহ আছে?

উত্তৰ : গোলাঘাট।

প্ৰশ্ন : বদৰপুৰ উত্তৰ-পূব ৰেলৱেৰ এটা বৃহৎ জংচন । ই অসমৰ কোন খন জিলাত অৱস্থিত?

উত্তৰ : কৰিমগঞ্জ।

প্ৰশ্ন : অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে?

উত্তৰ : ২.৩৯ (প্ৰায়) শতাংশ।

প্ৰশ্ন : অসমৰ মুঠ মাটিকালি কিমান?

উত্তৰ : ৭৮,৪৩৮ (প্ৰায়) বৰ্গ কি:মি:।

প্ৰশ্ন : অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?

উত্তৰ : ১২৬ খন।

প্ৰশ্ন : লোক সভাত অসমৰ সদস্য সংখ্যা কিমান?

উত্তৰ : ১৪ জন।

প্ৰশ্ন : অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?

উত্তৰ : ৭ জন।

প্ৰশ্ন - গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা  ঠাই খনৰ নাম কি?

উত্তৰ : বশিষ্ঠাশ্ৰম।

প্ৰশ্ন : ১৭৫১ চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰ্সিদ্ধ ঠাই খনৰ নাম কি?

উত্তৰ : গড়গাঁও।

প্ৰশ্ন : আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি?

উত্তৰ : জয়সাগৰ পুখুৰী।

প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ কোন আছিল?

উত্তৰ : হলিৰাম ডেকা।

প্ৰশ্ন : এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ভোগেশ্বৰ বৰুৱা।

প্ৰশ্ন : জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (মৃত্যুঞ্জয়)।

প্ৰশ্ন : ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।

প্ৰশ্ন : প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি?

উত্তৰ : আনন্দৰাম বৰুৱা।

প্ৰশ্ন : উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া
জনৰ নাম কি?

উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী।

প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।

প্ৰশ্ন : প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

প্ৰশ্ন : প্ৰথম অসমীয়া পুৰুষ আই. এ. এছ. (I.A.S.) বিষয়া জনৰ নাম কি?

উত্তৰ : অচ্যুত শইকীয়া।

প্ৰশ্ন : ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : ছাৰ ছৈয়দ চাদুল্ল।

প্ৰশ্ন : অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল?

উত্তৰ : মহানন্দ দাস।

প্ৰশ্ন : গহপুৰত ১৯২৮ চনত জন্ম গ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুলীত মৃত্যু বৰণ কৰা অসমৰ শ্বহীদ বীৰাঙ্গনা গৰাকী কোন আছিল?

উত্তৰ : কনকলতা বৰুৱা।

প্ৰশ্ন : ১৮৮৫ চনত জন্মলাভ কৰা কবি আৰু ‘অসম কেশৰী’ উপাধিৰে সন্মানিত হোৱা অসমৰ প্ৰসিদ্ধ কবি সাহিত্যিক জনৰ নাম কি?

উত্তৰ : অম্বিকাগিৰি ৰায়চৌধুৰী।

প্ৰশ্ন : ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু ১৯৪২ চনৰ ১০ অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে ১৯৪৩ চনৰ ১৫ জুন তাৰিখে ফাঁচি হোৱা অসমৰ শ্বহীদ জন কোন আছিল?

উত্তৰ : কুশল কোঁৱৰ।

প্ৰশ্ন : অসমীয়া চলচ্চিত্ৰৰ ‘জনক’, প্ৰসিদ্ধ গীতিকাৰ, সু-অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ নিৰ্মাতা তথা, শোণিতকুঁৱৰী নাটৰ পৰিচালক জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

প্ৰশ্ন : ১৪৪৯ চনত জন্ম গ্ৰ্হণ কৰা অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা, বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম, সমাজ, সুকুমাৰ কলাৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

প্ৰশ্ন : ১৮৫০ চনত গুৱাহাটীত জন্মা অসমৰ প্ৰথম স্নাতক, বেৰিষ্টাৰ, আই. চি. এছ. আৰু ‘নাগাৰ্থ সংগ্ৰহ’ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰা অসমীয়া পণ্ডিত জন কোন?

উত্তৰ : আনন্দৰাম বৰুৱা।

প্ৰশ্ন : একেধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা গৰাকীৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰীত হৈছিল। ‘ভাৰত শ্ৰেষ্ঠ কলাবিদ’ আৰু ‘কলাগুৰু’ উপাধিৰে বিভূষিত এই গৰাকী ব্যক্তি কোন?

উত্তৰ : বিষ্ণুপ্ৰসাদ ৰাভা।

প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ
আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : যোৰহাট।

প্ৰশ্ন : কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?

উত্তৰ : হাফলং।

প্ৰশ্ন : নগাঁৱৰ পুৰণি নাম কি?

উত্তৰ : খাগৰিজান।

প্ৰশ্ন : কাক ‘বনফুলৰ কবি’ নামেৰে জনা যায়?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।

প্ৰশ্ন : উজনি অসমৰ কোন খন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ ‘দুৱাৰ মুখ’ বুলি কোৱা হয়?

উত্তৰ : ডিব্ৰুগড়।

প্ৰশ্ন : অসমৰ চাহৰ ৰাজধানী কি?

উত্তৰ : শিৱসাগৰ ।

প্ৰশ্ন : কোন খন ঠাইক ‘মানচেষ্টাৰ অৱ ইষ্ট’ নামে জনা যায়?

উত্তৰ : মাজুলী।

প্ৰশ্ন : অসমৰ বৰপেটা কিহৰ বাবে বিখ্যাত?

উত্তৰ : কাঠ শিল্প, বাঁহ-বেতৰ শিল্প তথা কাঁহ শিল্পৰ বাবে।

প্ৰশ্ন : শিৱসাগৰৰ তলাতল ঘৰ কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৬৫ চনত।

প্ৰশ্ন : ‘ৰংঘৰ কোনে সাজিছিল?

উত্তৰ : প্ৰমত্ত সিংহই।

প্ৰশ্ন : অসম ৰাজ্যিক সংগ্ৰহালয় ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটীত।

প্ৰশ্ন : অসমৰ কোন খন ঠাইত তৈল নগৰী নামে জনা যায়?

উত্তৰ : ডিগবৈ ।

প্ৰশ্ন : অসমৰ কোন খন ঠাইক ‘শ্বাস্বত প্ৰেমৰ নগৰী’ বুলি জনা যায়?

উত্তৰ : তেজপুৰ।

প্ৰশ্ন : ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : ১৭৫২ চনত।

প্ৰশ্ন : দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল?

উত্তৰ : কামৰুপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত ‘পানী তোলা’ অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল।

প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম
জন অসমীয়া কোন?

উত্তৰ : ড° সত্যেন্দ্ৰ নাথ শৰ্মা।

প্ৰশ্ন : লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা
গৰাকী কোন?

উত্তৰ : ড° তিলোত্তমা গগৈ।

প্ৰশ্ন : যোৰহাটত জন্ম গ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইঅল্ট তেখেত কোন বাৰু?

উত্তৰ : ধীৰা হাজৰিকা (চলিহা)।

প্ৰশ্ন : শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ?

উত্তৰ : শিৱ দ’ল।

প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : চিত্ৰাচল।

প্ৰশ্ন : শিৱ দ’ল, বিষ্ণু দ’ল আৰু দেৱী দ’ল একেলগে অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : শিৱসাগৰ।

প্ৰশ্ন : প্ৰখ্যাত উমানন্দ মন্দিৰটো কোন চনত স্থাপিত হৈছিল?

উত্তৰ : ১৬৯৪ চনত।

প্ৰশ্ন : ভষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?

উত্তৰ : উমানন্দ।

প্ৰশ্ন : কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা হৈছিল?

উত্তৰ : ১৬৬৫ চনত।

প্ৰশ্ন : অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : উত্তৰ গুৱাহাটী।

প্ৰশ্ন : হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি, মূৰ্ত্তি আদি শ্ৰী সূৰ্য পাহাৰত দেখা যায়। এই পাহাৰ খন থকা অসমৰ জিলা খনৰ নাম কি?

উত্তৰ : গোৱালপাৰা।

প্ৰশ্ন : কামাখ্যা মন্দিৰটো গুৱাহাতীৰ কোন পাহাৰত অৱস্থিত?

উত্তৰ : নীলাচল পাহাৰত।

প্ৰশ্ন: কামাখ্যা মন্দিৰৰ সন্মুখত থকা সৰু পুখুৰীটোৰ নাম কি?

উত্তৰ : সৌভাগ্য কুণ্ড।

প্ৰশ্ন : অসমত মুছলমান সকলৰ পৱিত্ৰ তীৰ্থস্থান খন কোন খন?

উত্তৰ : পোৱা মক্কা (হাজো)।

প্ৰশ্ন : পঞ্চ পীৰৰ দৰগাহ অসমৰ ক’ত অৱস্থিত?

উত্তৰ : ধুবুৰী।

প্ৰশ্ন : গুৱাহাটীত নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি?

উত্তৰ : তিৰুপতি বালাজী মন্দিৰ।

প্ৰশ্ন : গুৱাহাটী মহানগৰী ‘পঞ্চতীৰ্থ’ নামেৰে জনাজাত। ইয়াৰ চাৰিখন তীৰ্থ হ’ল কামাখ্যা, উমানন্দ, নৱগ্ৰহ আৰু উগ্ৰতাৰা। পঞ্চম খন তীৰ্থ কি?

উত্তৰ : অশ্বক্লান্ত।

প্ৰশ্ন : বিল্বেশ্বৰ দেৱালয় অসমৰ কোন খন ঠাইত অৱস্থিত?

উত্তৰ : বেলশৰ (নলবাৰী)।

প্ৰশ্ন : গোপেশ্বৰ দেৱালয় ক’ত আৰু কিহৰ বাবে বিখ্যাত?

উত্তৰ : তেজপুৰত আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত।

প্ৰশ্ন : মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰত।

প্ৰশ্ন : নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল?

উত্তৰ : ১৭৫২ চনত।

প্ৰশ্ন : শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল?

উত্তৰ : প্ৰমত্ত সিংহই, ১৭৪৪ চনত।

প্ৰশ্ন : মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিঃমিঃ দূৰত অৱস্থিত?

উত্তৰ : ৩৪ কিঃ মিঃ।

প্ৰশ্ন : গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত?

উত্তৰ : দক্ষিণ পাৰে।

প্ৰশ্ন : অসমৰ প্ৰধান নদী দুখন কি কি?

উত্তৰ : ব্ৰহ্মপুত্ৰ, বৰাক।

প্ৰশ্ন : অসমৰ সৰ্বোচ্চ শৃংগটো কি?

উত্তৰ : নাম্‌চা বুৰুৱা (Namcha Burwa)।

প্ৰশ্ন : অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?

উত্তৰ : কাৰ্বি আংলং।

প্ৰশ্ন : অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰ খনৰ নাম কি?

উত্তৰ : বাংলাদেশ।

প্ৰশ্ন : অসমৰ কোন খন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা লেখা পুখুৰী অৱস্থিত?

উত্তৰ : চান্দডুবি।

প্ৰশ্ন : উত্তৰ কাছাৰ জিলাৰ ‘জাতিংগা’ কোন খন পাহাৰত অৱস্থিত?

উত্তৰ : বৰাইল।

Post a Comment

0 Comments