অসমীয়া ভাষা আৰু সাহিত্যৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ

 


অসমীয়া ভাষা আৰু সাহিত্যৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ 

প্ৰশ্ন: ‘জোনাকী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?


উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা।



প্ৰশ্ন: জোনাকী যুগৰ ত্রিমূর্তি বুলিলে কাক কাক কোৱা হয়?


উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক।



প্ৰশ্ন: ‘বিজুলী’ কাকতখন কোন চনত প্ৰকাশ পাইছিল?


উত্তৰ:- ১৮৯০ চনত।


প্ৰশ্ন: ‘বিজুলী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?


উত্তৰ:- কৃষ্ণপ্ৰসাদ দুৱৰা।



প্ৰশ্ন: ‘ঊষা’ আলোচনীখন কেতিয়া প্রকাশিত হৈছিল?


উত্তৰ:- ১৯০৭ চনত।


প্ৰশ্ন: ‘ঊষা’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?


উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱাই।


প্ৰশ্ন: ‘বাঁহী’ আলোচনীখন কোন চনত প্ৰকাশ পাইছিল?


উত্তৰ:- ১৯০৯ চনৰ ডিচেম্বৰ মাহত।



প্ৰশ্ন: ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?


উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাই।


প্ৰশ্ন: ‘আৱাহন’ কাকতখন কোন চনত প্রকাশ পাইছি?


উত্তৰ:- ১৯২৯ চনত।


প্ৰশ্ন: ‘আৱাহন’ কাকতখন ক’ৰ পৰা ওলাইছিল?


উত্তৰ:- কলিকতাৰ পৰা।


প্ৰশ্ন: ‘আৱাহন’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল?


উত্তৰ:- দীননাথ শৰ্মা।


প্ৰশ্ন: ‘আৱাহন’ কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল?


উত্তৰ:- নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে।


প্ৰশ্ন: অসমীয়া সাহিত্যত গীতি-কবিতাৰ প্রকৃত প্রৱর্তক কোন?


উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।


প্ৰশ্ন: প্রথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি?


উত্তৰ: বনকুঁৱৰী।


প্ৰশ্ন: প্রথম অসমীয়া ৰোমাণ্টিক কবিজনৰ নাম কি?


উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।


প্ৰশ্ন: চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ পুথি দুখনৰ নাম কি কি?


উত্তৰ:- প্রতিমা আৰু বীণ বৰাগী।


প্ৰশ্ন: চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কিমান চনত প্ৰকাশ পাইছিল?


উত্তৰ:- ১৯১৪ চনত।


প্ৰশ্ন: চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি ‘প্রতিমা’ ক’ত প্রকাশ পাইছিল?


উত্তৰ:- জোনাকীত।


প্ৰশ্ন: চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?


উত্তৰ:- ২৫ টা।


প্ৰশ্ন: ‘প্রতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ’ বুলি কোনে কৈছিল?


উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাই।


প্ৰশ্ন: চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি ‘বীণ বৰাগী’ ক’ত প্ৰকাশ পাইছিল?


উত্তৰ:- বাঁহীত।


প্ৰশ্ন: চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বীণ বৰাগী’ কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?


উত্তৰ:- ১২ টা।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱন ক’ৰ পৰা আৰম্ভ হয়?


উত্তৰ:- লিতিকাই নাটকৰ পৰা।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি?


উত্তৰ:- লিতিকাই।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ ‘লিতিকাই’ কোন শ্ৰেণীৰ নাটক?


উত্তৰ:- ধেমেলীয়া (প্ৰহসন)।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি?


উত্তৰ:- পদুম কুঁৱৰী।


প্ৰশ্ন: অসমীয়া চুটিগল্পৰ জন্মদাতা কোন?


উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।


প্ৰশ্ন: প্রথম অসমীয়া চুটিগল্পটোৰ নাম কি?


উত্তৰ:- সেউতী।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সেউতী’ গল্পটো ক’ত, কেতিয়া প্ৰকাশ হৈছিল?


উত্তৰ:- জোনাকীৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত, ১৮৯২ চনৰ মে’ মাহত।


প্ৰশ্ন: ভদৰী নামৰ অসমীয়া চুটিগল্পটোৰ লেখক কোন?


উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।


প্ৰশ্ন: অসমীয়া চুটিগল্পই জন্ম লাভ কৰা আলোচনীখনৰ নাম কি?


উত্তৰ:- জোনাকী।


প্ৰশ্ন: ফ্রয়েডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পটোৰ নাম কি?


উত্তৰ:- পাটমুগী।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্পটো কোনখন আলোচনীত প্ৰকাশ পাইছিল?


উত্তৰ:- জোনাকী।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ প্রথম গল্প পুথিখনৰ নাম কি?


উত্তৰ:- সুৰভি।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পপুথি কেইখন কি কি?


উত্তৰ:- চাৰিখন আৰু সেই কেইখন হ’ল – সুৰভি, জোনবিৰি, সাধুকথাৰ কুকি আৰু কেহোকলি।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটিগল্প পুথিখনৰ নাম কি?


উত্তৰ:- কেহোকলি।


প্ৰশ্ন: কেহোকলি কোনে সম্পাদনা কৰিছিল?


উত্তৰ:- অতুলচন্দ্ৰ হাজৰিকাই।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখন কি কি?


উত্তৰ:- তিনিখন সেই তিনিখন হ’ল – বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা’ আৰু জুনুকা।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট কেইখন কি কি?


উত্তৰ:- চাৰিখন আৰু সেই চাৰিখন হ’ল – লিতিকাই, নোমল, পাচনি আৰু চিকৰপতি নিকৰপতি।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাট কেইখন কি কি?


উত্তৰ:- তিনিখন আৰু সেই তিনিখন হ’ল – জয়মতী, বেলিমাৰ আৰু চক্ৰধ্বজ সিংহ।


প্ৰশ্ন: “কবিতা হয় যদি হওঁক, নহয় যদি নহওঁক” এই কবিতাটোৰ কবি গৰাকী কোন আছিল?


উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি?


উত্তৰ:- কদমকলি।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?


উত্তৰ:- পদুমকলি।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাই কি ছদ্মনামেৰে ব্যংগ আৰু হাস্য ৰসাত্মক প্রবন্ধ লেখিছিল?


উত্তৰ:- কৃপাবৰ বৰবৰুৱা।


প্ৰশ্ন: “কৃপাবৰী হাস্যৰস আৰু ব্যংগৰ প্ৰাধান্য থকা স্বত্বেও বেজবৰুৱা অসমীয়া চুটিগল্পৰ স্ৰষ্টাই নহয়, সার্থক দ্ৰষ্টা।” – কোনে কৈছিল?


উত্তৰ:- ড° নগেন শইকীয়াই।


প্ৰশ্ন: প্রথম অসমীয়া আত্মজীৱনীখনৰ নাম কি?


উত্তৰ:- মোৰ জীৱন সোঁৱৰণ।


প্ৰশ্ন: লক্ষ্মীনাথ বেজবৰুৱাই ক’ত আৰু কেতিয়া অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল?


উত্তৰ:- ১৯২৪ চনৰ অধিৱেশন গুৱাহাটীত।


প্ৰশ্ন: ছনেটৰ জন্মদাতা কোন?


উত্তৰ:- ইটালী কবি পেট্রাক।

Post a Comment

0 Comments