অসমৰ গুৰুত্বপূৰ্ণ তথ্য (Assam: Important information)

অসম ( Assam)



অসম ভাৰতবৰ্ষৰ এখন অংগ ৰাজ্য। ই ভাৰতবৰ্ষৰ উত্তৰ-পূৱ দিশত অৱস্থিত। ভৌগোলিক অৱস্থান অনুসৰি ২৪-২৮ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯০-৯৭ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত।


চাৰিসীমা:


উত্তৰ দিশত : ভূটান আৰু চীন।

দক্ষিণ দিশত: বাংলাদেশ, ত্ৰিপুৰা আৰু মিজোৰাম।

পশ্চিম দিশত : পশ্চিম বংগ।

পূৱ দিশত : অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ।


জলবায়ু:


অসমৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা। জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক। অসমত মৌচুমী জলবায়ু বিৰাজমান । জলবায়ুক চাৰিটা ভাগত ভাগ কৰা হৈছে। ভাগ চাৰিটা ক্ৰমে - শীত, প্ৰাক-মৌচুমী, মৌচুমী আৰু উত্তৰ মৌচুমী।


অসমৰ গুৰুত্বপূৰ্ণ তথ্য:


জাতীয় সংগীত : অ‌‍' মোৰ আপোনাৰ দেশ।

জাতীয় শ্লোগান : জয় আই অসম।

ৰাজ্যিক মোহৰ : অসম চৰকাৰ।

ৰাজ্যিক ভাষা : অসমীয়া।

জাতীয় উৎসৱ : বিহু।

জাতীয় নৃত্য : বিহু নৃত্য।

জাতীয় ফুল : কপৌফুল।

জাতীয় গছ : হোলোং।

ৰাজ্যিক জন্তু : এশিঙীয়া গঁড়।

ৰাজ্যিক পক্ষী : দেও হাঁহ।

ৰাজ্যিক জলচৰ প্ৰাণী : শিহু।

ৰাজ্যিক সাহিত্যসভা : অসম সাহিত্য সভা।

মাটিকালি : ৭৮৪৩৮ বৰ্গ কিলোমিটাৰ।
বনাঞ্চলৰ মাটিকালি : ২৫৯৭৭ বৰ্গ কিলোমিটাৰ।
তাপমাত্ৰা : গ্ৰীষ্মকালত গড়ে ৩০° ছেলচিয়াছ আৰু শীতকালত গড়ে ১৬° ছেলচিয়াছ।


বৰষুণ : বছৰি ১৭৮ - ৩০৫ ছে: মি: ।
উচ্চতা : সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা ৭৯.৫ মি.।
প্ৰধান ভাষা : অসমীয়া, বাংলা, বড়ো।
ৰাজ্য গঠন : ১৯৫০ চনৰ ২৬ জানুৱাৰী।


বিধানসভাৰ সদস্য : ১২৬ জন।
লোকসভাৰ সদস্য : ১৪ জন।
ৰাজ্যসভাৰ সদস্য : ৭ জন।
মুঠ জনসংখ্যা : ৩১২০৫৫৭৬ জন ( ২০১১ ৰ লোকপিয়ল অনুসৰি)।


পুৰুষ : ১৫৯৩৯৪৪৩ জন।
মহিলা : ১৫২৬৬১৩৩ জনী।
গ্ৰামাঞ্চলৰ জনসংখ্যাৰ হাৰ : ৮৬%
চহৰ অঞ্চলৰ জনসংখ্যাৰ হাৰ : ১৪%

মুঠ জিলা : ৩৫ খন।
পৌৰসভা : ৮৪ খন।
পৌৰনিগম : এখন ( গুৱাহাটী)
গাওঁ : ২৬৩৯৫ খন।

আৰক্ষী আয়ুক্ত : এটা ( গুৱাহাটী)
সৰ্বাধিক জনবসতিৰ ঘনত্ব জিলা : কামৰূপ মহানগৰ।
সৰ্বনিম্ন জনবসতিৰ ঘনত্ব জিলা : ডিমা হাছাও।
বৃহত্তম জিলা : কাৰ্বি আংলং।

সৰু জিলা : দক্ষিণ শালমাৰা - মানকাচৰ।
সাক্ষৰতাৰ হাৰ সৰ্বাধিক : কামৰূপ মহানগৰ
সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন : ধুবুৰী।
জনবহুল নগৰ : গুৱাহাটী।

জনবহুল গাওঁ : শুৱালকুছি।
বৃহত্তম ৰেল জংছন : লামডিং।
বৃহত্তম নদীদ্বীপ : মাজুলী।

ক্ষুদ্ৰতম নদীদ্বীপ : উমানন্দ।
প্ৰধান নদী : ব্ৰহ্মপুত্ৰ আৰু বৰাক।
গাওঁ পঞ্চায়ত : ২২০১

Post a Comment

0 Comments